গোৰেশ্বৰঃ কৰ্ম সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিব লাগিলে আপুনি কামৰূপ জিলাৰ ৰঙিয়ালৈ আহিব লাগিব৷ ৰঙিয়া চহৰত থকা বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়লৈ আহিলে আপুনি কৰ্ম সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিব পাৰিব৷ দিনৰ ১১ বাজি যোৱাৰ পাছতো বৰাবাবুসকল কাৰ্যালয়লৈ নাহে৷ কোৱা বাহুল্য বৰাবাবুক অনুসৰণ কৰি সৰু বাবুসকলেও কৰ্ম সংস্কৃতি পাহৰি গৈছে৷
যিহেতু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোৱা কথাবোৰ এতিয়া মন্ত্ৰী-বিধায়কে পাহৰি গৈছে বিষয়া-কৰ্মচাৰীয়ে পাহৰি যোৱাটো ডাঙৰ কথা নহয়৷ ব্যস্ততাৰ বাবে ৰাজনৈতিক দলবোৰৰ লোকে পাহৰি পেলাইছে সকলো। পাহৰি পেলাইছে কৰ্ম সংস্কৃতিৰ কথাও৷ কৰ্ম সংস্কৃতি ঘুৰাই অনাৰ দোহাই দি ৰাজ্যৰ শাসন ভাৰ দখল কৰা চৰকাৰখনে পাহৰিলেও ৰাইজে পিছে পাহৰা নাই কথা বোৰ৷