ডিজিটেল ডেস্কঃ ভাৰতীয় সাহিত্যৰ জগতক বিশেষভাৱে চহকী কৰি থৈ যোৱা হিন্দী ভাষাৰ কবি মহাদেৱী বৰ্মাক Google Doodleৰ জৰিয়তে সন্মান প্ৰদৰ্শন কৰা হৈছে। হিন্দী ভাষাৰ কবি মহাদেৱী বৰ্মাই মহিলাৰ শিক্ষাগত তথা অধিকাৰৰ বাবে থিয় দিয়াৰ বাবে Google Doodle-এই সন্মান প্ৰদৰ্শন কৰি তেওঁক স্মৰণ কৰে৷
শুকুৰবাৰে পুৱাৰে পৰা গুগলৰ হোমপেজত মহাদেৱীৰ ফটো সংলগ্ন কৰি Google Doodle-এ তেওঁৰ স্মৃতিৰ ৰোমন্থন কৰে৷ ১৯২২-১৯৩৮ চনৰ ছাঁয়াবাদ সময়ছোৱাৰ হিন্দী ভাষাৰ আধুনিক ৰোমান্টিক কবি হিচাপে খ্যাত মহাদেৱী বাৰ্মাই সাহিত্যৰ ভৰাঁল চহকী কৰি গৈছিল৷