64
কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে কোকৰাঝাৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ সৰলপাৰাস্থিত জীয়াং চুব ছয়লিং বুদ্ধ মন্দিৰতো বুদ্ধ পুৰ্ণিমা উৎসৱ তথা ভগৱান বুদ্ধৰ ২৫৬২ তম জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বুদ্ধ ধৰ্মীয় লোকৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, চিকিম, বেংগল আৰু স্থানীয় বহু বুদ্ধধৰ্মী লোকৰে ভৰি পৰে সৰলপাৰাস্থিত ঐতিহ্য মণ্ডিত জীয়াং চুব ছয়লিং বুদ্ধ মন্দিৰ।