মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে বন বিভাগে আৰম্ভ কৰিছে বন দস্যুৰ বিৰুদ্ধে অভিযান৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত জাগুনৰ নামচিক সংৰক্ষিত বনাঞ্চলত মঙলবাৰৰ পৰা তীব্ৰ অভিযান চলাইছে বন বিভাগে৷ নামচিক সংৰক্ষিত বনাঞ্চলত দাৰ্ঘদিন ধৰি একাংশ চোৰাং ব্যৱসায়ীয়ে গছ কাটি ৰমৰমীয়া কাঠৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷
মঙলবাৰে গোপন সূত্ৰৰ পম খেদি অতৰ্কিতে অৰুণাচলৰ জয়ৰামপুৰ দিশৰ পৰা চলোৱা অভিযানত এটি হাতী জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নামচিক সংৰক্ষিত বনাঞ্চলত অভিযান চলাই জাগুন বন বিষয়াৰ কাৰ্যালয়ে। অভিযানৰ সময়ত বন বিভাগৰ লোকে অসম অৰুণাচলৰ সীমান্তৰ নামচিক গোলডুবিৰ পৰা চোৰাং কাঠ ব্যৱসায়ীৰ এটা হাতী জব্দ কৰিবলৈ সক্ষম হয়।