newsnextone.com | গোৰেশ্বৰঃ কিতাপৰ পাতে পাতে বৈ থাকে অজস্ৰ হেপাঁহৰ স্ৰোত৷ কিতাপ যেন শুকাণ মৰুভূমিত এটি পানীৰ খাদ৷ এজন লিখকৰ মনৰ সুগন্ধিৰে ভৰি থাকে কিতাপৰ পৃষ্ঠা৷ কিতাপত আবদ্ধ হৈ থাকে এটা জাতি, এটা সংস্কৃতি৷ হৃদয়ৰ ক্ষুধা দূৰ কৰে কিতাপে৷ যাৰ প্ৰতি খিলা পাতত বিয়পি থাকে পৃথিৱীৰ অজস্ৰ অনুভৱ৷
কিন্তু নৱ প্ৰজন্মৰ মাজৰ পৰা যেন হেৰাই গৈছে গ্ৰন্থ অধ্যয়নৰ হাবিয়াহ৷ স্মাৰ্ট ফোনৰ দুনীয়াৰ নৱ প্ৰজন্মই পাহৰি পেলাইছে কিতাপৰ সুগন্ধি৷ ফেচবুক, হোৱাটচআপ আদি সামাজিক মাধ্যমৰ আগমনৰ লগে লগে কমি গৈছে পঢ়ুৱৈৰ সংখ্যা৷ গ্ৰন্থৰ সমাদৰ নহোৱা হৈ পৰিছে৷