ছিপাঝাৰঃ কৰ্কট ৰোগ মানেই বহুতৰ বাবে আতংক। এই ৰোগৰ চিকিৎসা যথেষ্ট ব্যায়বহুল। দৰিদ্ৰ পৰিয়ালৰ ৰোগীৰ বাবে এই ৰোগৰ চিকিৎসা অসম্ভৱ! এই ৰোগত আক্ৰান্ত হোৱা ব্যক্তিজন এই পৃথিৱীৰ পৰা বিদায় লোৱাৰ দিন সমাগত আদি বিভিন্ন নেতিবাচক ধাৰণা সমাজৰ বহু লোকৰ মাজত বৰ্তি আছে।
আনকি বহু নেতিবাচক চিন্তাই কৰ্কট ৰোগত আক্ৰান্ত ৰোগীক এনেদৰে ক্ৰিয়া কৰে যে¸ তেনে ব্যক্তিয়ে মানসিকভাবে ভাগি পৰে¸ যাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্ৰাস পাই। কিন্ত ইয়াৰ বিপৰীতে এনে ব্যক্তিও আছে যিয়ে কেৱল প্ৰবল মানসিক শক্তিৰে কৰ্কট ৰোগৰ দৰে ব্যাধিকো নেওচি সৃষ্টিৰ পথত আগুৱাই গৈছে।