newsnextone.com | হাইলাকান্দিঃ বৰাক উপত্যকাত এটি অবাঞ্চিত ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, এটি হিন্দু পৰিয়ালৰ ৬ বছৰীয়া নাবালাকক কেইজনমান অচিনাক্ত লোকে চুন্নতকৰণ কৰে৷
অভিযোগ মতে, ইলাকান্দি জিলাত এটা হিন্দু পৰিয়ালৰ ছবছৰীয়া সন্তানক জোৰ জুলুম কৰি চুন্নতকৰণ কৰা হয়৷ এই অভিযোগ নাবালাকৰ মাতৃয়ে উত্থাপন কৰাৰ লগতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে৷ বলপূৰ্বকভাৱে দুজন অচিনাক্ত লোকে ৬ বছৰীয়া নাবালকক চুন্নতকৰণ কৰাই বুলি ভুক্তভোগী শিশুটিৰ মাতৃয়ে আৰক্ষীক দিয়া এজাহাৰত উল্লেখ কৰে ন্যায় বিচাৰে৷