120
newsnextone.com | গুৱাহাটীঃ শ্বহীদৰ বেদীত মূৰ দোৱাই কৃষক মুক্তিৰ নেতা অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেওবাৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰামৰ নতুনকৈ পাতনি মেলিলে৷ দেওবাৰে পুৱাই মহানগৰীৰ ৰাজ পথলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শ-শ নেতা-কৰ্মী ওলাই আহে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অন্তিম টোপাল দেহত ৰক্ত থকালৈকে সংগ্ৰাম কৰি যোৱাৰ পোষকতা কৰি শ্বহীদ বেদীৰ সন্মুখত সংকল্প ললে দেওবাৰে৷
