newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত৷ যোৱা ৩০ ঘণ্টা ধৰি চৰকাৰ গঠনৰ কুচকাৱাজে ৰাজনৈতিক পৰিৱেশ গৰম কৰিব ধৰিছে৷ ক্ষমতাৰ বাবে খোৱা-কামোৰা কৰাৰ ছবিখনে আমোদো দিছে ৰাইজক৷ ইতিমধ্যে জেডিএছ আৰু কংগ্ৰেছৰ বিধায়কে স্বাক্ষৰ কৰা আৰু কুমাৰস্বামীক নেতা নিৰ্বাচিত কৰি ৰাজ্যপালক পত্ৰ প্ৰদান কৰে৷
কিন্তু ক্ষমতাৰ বাবে ভাৰতীয় ৰাজনীতিত সাংসদ-বিধায়ক কিনা বেচা হোৱাৰ এক অশুভ পৰম্পাৰ যোৱা কিছু বছৰৰ পৰা গা কৰি উঠিছে৷ তেনে এক পৰিস্থিতি পুনৰ হোৱাৰ দিশে আগবাঢ়িছে কৰ্ণাটকত৷ বিজেপিক চৰকাৰ গঠন কৰিবলৈ মাথো ৮গৰাকী বিধায়কৰ প্ৰয়োজন৷ আশংকা কৰা মতে বিজেপিয়ে বিৰোধী কংগ্ৰেছ আৰু জেডিএছৰ বিধায়কক কিনি হলেও চৰকাৰ গঠন কৰিব৷ এই কথাৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে বিধায়কক এশ কোটি পৰ্যন্ত টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷