কোকৰাঝাৰঃ বিটিএডি এলেকাত হ’কে-বিহ’কে বন্ধ অাহ্বানক তীব্ৰ গৰিহণা জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। আজি সংবাদমাধ্যমৰ অাগত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে কাইলৈ অৰ্থাৎ ২৮ মাৰ্চৰ দিনাখন বডো কাল্টিভেটৰ লিবাৰেচন ফ্ৰণ্ট অব বডোলেণ্ড নামৰ নৱগঠিত সংগঠনটোৱে আহ্বান জনোৱা বিটিএডি বন্ধৰ তীব্ৰ বিৰোধিতা কৰি উক্ত সংগঠনটোক ভুৱা অাখ্যা দিয়ে।
বিশেষ ন্যস্তস্বাৰ্থজড়িত দুই-চাৰিজনে তেনে সংগঠন খুলি এবছুৰ অালোচনা প্ৰক্ৰিয়া বিফল কৰাৰ প্ৰচেষ্টাত ব্ৰতী হ’ব পাৰে অাৰু তেনে সংগঠনে ধন সংগ্ৰহৰ বাহিৰে অান একো নকৰে বুলি মন্তব্য কৰি তেনে ভুৱা সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে চৰকাৰৰ প্ৰতি অাহ্বান জনাইছে।