ৰঙিয়াঃ অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ শৰ্মা (৪২)ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। সোমবাৰে সন্ধিয়া ৫.৩০ বজাত ৰঙিয়া ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সম্পাদক গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লাগে-লগে সমগ্ৰ ৰঙিয়াতে গভীৰ শোকৰ ছাঁ পৰে।
২০০৯ চনত অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিয়ে প্ৰয়াত শৰ্মাই অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৃত কৰাৰ বাবে তীব্র আন্দোলন আৰম্ভ কৰে।