newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ কেইবাখনো অতি পিছ পৰা জিলাই ভাল ফলাফল প্ৰদৰ্শন কৰে৷ বানগৰাখহনীয়া গ্ৰস্ত জিলাই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷
কেইবাখনো বান, গৰাখহনীয়াত যুঁজ দিয়া অতি পিছপৰা জিলাই শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে৷ যাৰ বাবে এইবেলিৰ পৰীক্ষাৰ ফলাফলে বিশেষ তাৎপৰ্যবহন কৰিছে৷ পূৰ্বে ভাল ফলাফল কেৱল চহৰৰ নামি দামি বিদ্যালয়েহে কৰিব পাৰে বুলি যি ধাৰণা আছিল সেই ধাৰণাক নস্যাৎ কৰি সমানে উজলি উঠিছে গ্ৰাম্য অঞ্চল৷