newsnextone.com | গুৱাহাটীঃ তাহানিতে কোৱা হৈছিল ‘মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান’৷ এই আপ্ত বাক্য শাৰীৰ সৈতে আৰু এটা কথা সংযোগ কৰিব পাৰি৷ মাকৰ ঘৰত জীয়ৰী বাঢ়ি অহাৰ দৰে মানুহৰ মূৰৰ চুলিও প্ৰতিদিনে বাঢ়ি আহে৷ চুলি বাঢ়ি অহাৰ লগে লগে পুৰুষ-মহিলাই ব্যতিক্ৰমকৈ হেয়াৰ ষ্টাইল কৰিবলৈ আৰম্ভ কৰে৷ এয়া হৈছে যুৱক-যুৱতী-ডেকাৰ স্বাধীনতা৷ কোনে কেনে ধৰণে হেয়াৰ ষ্টাইল কৰিব সেয়া নিজা বিষয়৷ এই ক্ষেত্ৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে৷
কিন্তু ৰাজ্যৰ এখন বিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে শ্ৰেণীকোঠাত ছাত্ৰক জোৰ জুলুমকৈ চুলি কাটি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰায় ২০ গৰাকী ছাত্ৰক এগৰাকী শিক্ষকে চুলি কাটি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ পলাশবাৰীত৷ পাঠদানত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সকলো সময়তে ছাত্ৰ-ছাত্ৰীক ককৰ্থনা কৰি অহা এগৰাকী শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে৷