খাৰুপেটীয়াঃ পাঁচ বছৰেও দৰঙত সম্পূৰ্ণ নহল দৰিদ্ৰ হিতাধিকাৰীৰ ঘৰ। বিগত ২০১২-১৩ বৰ্ষত বেচিমাৰী উন্নয়ন খণ্ডত অনুসূচীত জাতি-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ লোকৰ গৃহ নিৰ্মাণৰ নামত চৰকৰে ২,৩৬,৬৮,০০০ টকা আবন্টন দিছিল যদিও ধনৰ অংক কৰা বিষয়া-অভিযন্তাই আজিকোপতি নিৰ্মাণৰ কাম সম্পন্ন নকৰাৰ অভিযোগ উত্থাপন হৈছে দৰং জিলাৰ চাৰিটাকৈ উন্নয়ন খণ্ডত।
দৰঙৰ চাৰিখন উন্নয়ন খণ্ডৰ পৰা কৰ্তন কৰি ব্লকটোৰ বৰঝাৰ গাঁওপঞ্চয়ত আৰু ওদালগুৰি জিলাৰ অন্তর্গত দলাকুচি, বড়ো বজাৰ, ভি চি ডি ৰ অনুসূচীত জাতি-জনজাতিৰ দুখীয়া লোকসকলৰ বাবে আবন্টন দিছিল। কিন্তু বেচিমাৰী উন্নয়ন খণ্ডৰ বিষয়া, কৰ্মচাৰী, ঠিকাদাৰে মিলি গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰাত আজি পাঁচ বছৰেও সম্পূৰ্ণ হৈ নুঠিল ইন্দিৰা আৱাস গৃহ ।