newsnextone.com | গুৱাহাটীঃ সমগ্ৰ ৰাজ্যত এতিয়া চৰ্চা মাথো নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ৷ ৰাইজে অসম আৰু অসমীয়াৰ স্বাভিমানক লৈ চিন্তিত হৈ পৰিছে৷ আপোন জাতিটো সংকটত পৰাৰ আশংকাত দিন পাৰ কৰিছে৷ সংকটৰ দোমোজাত সমগ্ৰ অসমৰ লোক৷ যিসকলে বিদেশী খেদিবলৈ ৰাজপথলৈ ওলাই আহিছিল আজি সেইসকলৰ বিৰুদ্ধেই প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে অসমীয়াই৷ এয়া অসমীয়া জাতিৰ বাবে এক বিড়ম্বনা৷
বিজেপি চৰকাৰে লব বিচৰা হিন্দু বাংলাদেশী সংস্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে অসমীয়াই আকৌ ৰাজপথলৈ ওলাই আহিব লগা হৈছে৷ বিদেশী শূন্য অসমৰ বাবে ৬ বছৰীয়া অসম আন্দোলনৰ নেতৃত্ব লোৱা লোকসকলেই এতিয়া ৰাজ্যৰ ক্ষমতাৰ বাঘজৰী লৈ আহিছে যদিও ৰাইজে বিদেশী বহিস্কাৰ আৰু বিদেশী সংস্থাপনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি সংগ্ৰাম কৰিব লগা হৈছে৷ এয়াই এক লজ্জাৰ বিষয়৷ বিদেশী বহিস্কাৰৰ আন্দোলন কৰা লোকসকল এতিয়া দুটা ভাগত বিভক্ত হৈছে৷