newsnextone.com | ডিব্ৰুগড়ঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাৰ কেইবাগাৰীক মেধা ছাত্ৰ-ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷
উজনিৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় চহৰক উজলাই তোলে ৪গৰাকী কৃতী ছাত্ৰই৷ চৰকাৰী খণ্ডৰ বিদ্যালয়ক চেৰ পেলাই ব্যক্তিগত খণ্ডৰ তিনিখন বিদ্যালয়ৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ডিব্ৰুগড়ৰ নামধাৰী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চল্টব্ৰুক একাডেমিৰ বাণিজ্য শাখাত দুগৰাকী, জ্ঞান-বিজ্ঞান একাডেমিৰ বানিজ্য শাখাৰ এগৰাকী, আৰু আৰ কে কলেজৰ বিজ্ঞান শাখাত দুগৰাকীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত এটাকৈ স্থান দখল কৰিবলৈ সক্ষম হয়৷