newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত এটা পথৰ আধাৰশিলা স্থাপন কৰে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিনে৷ বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফুলবাৰী-চিনথং টেৰণলৈ ২ কিলোমিটাৰ পথৰ আধাৰশিলা স্থাপন কৰে কৰি বিধায়ক ডা০ নোমল ম’মিন বোকাজানৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত পূৰ্বৰ চৰকাৰতকৈ বিজেপি চৰকাৰ এখোজ হলেও আগবাঢ়ি থকা বুলি কয়৷
সাংসদ বীৰেণ ছিং ইংতি, বোকাজানৰ প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতি তথা কংগ্ৰেছ দলৰ চৰকাৰে সমষ্টিটোৰ লগতে জিলাখনৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰাৰ বিপৰীতে কেৱল শুই থাকিয়ে সময় পাৰ কৰিলে বুলি কংগ্ৰেছ দলক বিধায়কগৰাকীয়ে তীব্ৰ সমালোচনা কৰে৷ নাম প্ৰকাশ নকৰাকৈ বোকাজানৰ এজন প্ৰাক্তন বিধায়কে দাবী-ধমকি দি সুৰা ব্যৱসায়ীৰ পৰা টকা লৈ ৩ কোটি টকাৰ ঘৰ সাজিছে বুলিও অভিযোগ উত্থাপন কৰে৷