বাহাকাবাৰীঃ এজন ব্যতিক্ৰমী লোক। যিজনে বেয়া পায় মানুহৰ সংগ। নগাঁও জিলাৰ কামপুৰৰ পৰা কিছু দূৰৈত ঘন অৰণ্যৰ মাজত সুদীৰ্ঘ ১৮ বছৰে মানুহজনে কটাই আহিছে স্ব-নিৰ্বাসিত জীৱন। কচুপিত নামৰ জংঘলত দীৰ্ঘ ১৮ বছৰে বাস কৰা ঠগীৰাম ডেকাৰজাৰ সংগী প্ৰকৃতি জীৱ-জন্তু আৰু চৰাই-চিৰিকটি।
ঠগীৰামৰ মানুহৰ ওপৰত আছে ভীষণ খং আৰু অভিমান। বেয়া পায় মানুহ। মানুহে মাতিলে খং কৰে। অৰণ্যৰ মাজত থকা সৰু টিলা এটাৰ ওপৰত চাৰি ফুট মান উচ্চতাৰ এটি জুপুৰি সাজি বছৰ বছৰ ধৰি স্ব-নিৰ্বাসিত জীৱন যাপন কৰা ঠগীৰামে মানুহৰ মাজত বৃদ্ধি পোৱা হিংসা, দুৰ্নীতি আৰু অবিশ্বাসত অতিষ্ঠ হৈ মানুহৰ সংগ, সমাজ ত্যাগ কৰি ১৮ বছৰে অৰণ্যত অকলশৰীয়া জীৱন অতিবাহিত কৰিছে।