কাজিৰঙাঃ “চোৰ গলে বুদ্ধি ,বৰষুণ গলে জাপি”-এয়াই যেন এতিয়া অসমৰ বন বিভাগৰ নীতি। এই নীতিকে অনুসৰণ কৰি বাৰিষাৰ আগমনৰ সময়তহে বন বিভাগে আৰম্ভ কৰিবলৈ লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেণ্ড নিৰ্মাণৰ কাম।
উল্লেখ্য যে, বিগত বৰ্ষত প্ৰবল বানৰ কবলত পৰি বহু বন্যপ্ৰাণী মৃত্যু মুখত পৰিছিল। প্ৰতি বছৰৰ দৰে একে ঘটনাই পুনৰাবৃত্তি হৈ থকাত ৰাষ্ট্রীয় উদ্যানখনত বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে পৰ্যাপ্ত হাইলেণ্ড নিৰ্মাণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছিল।