মুম্বাইঃ ছবিগৃহলৈ নাহে নতুন ভোজপুৰী ছবি বাবৰি মছজিদ। চিনেমাখনৰ ওপৰত চেঞ্চৰ বৰ্ডে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে হতাশ হৈ পৰে ইয়াৰ সৈতে জড়িত পৰিচালক আৰু কলা-কুশলীসকল। 

এহাল হিন্দু-মুছলিম যুৱক যুৱতীৰ প্ৰেম আৰু সামাজিক সংঘাতৰ ওপৰত নিৰ্মাণ কৰা এই চলচিত্ৰখনে সমাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিয়েই চেঞ্চৰ বৰ্ডে "বাবৰি মছজিদ" শীৰ্ষক চলচিত্ৰখন নিষিদ্ধ কৰিছে বুলি জানিব পৰা গৈছে। 

দেৱ পাণ্ডে নিৰ্দেশিত চলচিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভোজপুৰী তাৰকা খেচাৰি লাল যাদৱ আৰু কাজল ৰাঘৱানীয়ে ৷  

ইউটিউবত চলচিত্ৰখনৰ ট্ৰেইলৰে প্ৰায় ১২হাজাৰ ভিউৱাৰ্ছ লাভ কৰিছে৷ উল্লেখ্য যে উচ্চতম ন্যায়লয়ত বাবৰি মছজিদ সম্পৰ্কীয় এটি গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ গোচৰ বিচৰাধীন হৈ আছে।