newsnextone.com | গুৱাহাটীঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই প্ৰতিয়ন গৈ একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিয়া পৰিলক্ষিত হৈছে৷ তাৰ লগে লগে বেৱ মিডিয়া সংবাদ প্ৰতিষ্ঠানে কাৰ্বি আংলঙৰ ঘটনাক গৰিহণা দি ছচিয়েল মিডিয়াত নজৰ ৰাখিছে৷ দেওবাৰে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে৷
তাৰ মাজতে যোৱা তিনি জুনত গঠন হোৱা ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন অৱ আসাম’ চমুকৈ ডিমজাই দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে৷ ডিমজাৰ সভাপতি স্বপ্নীল ভড়ালীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু ছচিয়েল মিডিয়াত একাংশ লোকে ভুৱা বাতৰি প্ৰচাৰ কৰা ঘটনাক লৈ চিন্তা জাহিৰ কৰে৷