60
গুৱাহাটীঃ সমাগত ৰঙালী বিহু। ৰাজ্যৰ চুকে-কোণে এতিয়া ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙি উঠিছে ৰং-উৎসাহ, হাঁহি-আনন্দ আৰু অযুত হেঁপাহ।
বহাগৰ আগমনৰ বতৰাত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি, কুঁহিপাতে গুণগুনাইছে। গাঁৱৰ শিপিনীসকলেও আপোনজনক হেপাঁহৰ এখন বিহুৱান দিবলৈ বুলি দিনে-নিশাই তাঁতৰ শালত ব্যস্ত হৈ পৰিছে।