newsnextone.com | লংকাঃ ছ’চিয়েল মিডিয়াত এটি বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক-আপত্তিজনক পোষ্ট দি পৰিবেশ বিনষ্ট কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে৷
কাৰ্বি আংলঙৰ ডকমকাত ছ’চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে এটি জনগোষ্ঠীৰ বিৰুদ্ধে পোষ্ট দি অহাত পৰিবেশ অইন দিশে গতি কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে অসম আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিছে৷