newsnextone.com | হোজাইঃ হোজাই জিলাৰ যমুনামুখত সোমবাৰে সন্ধিয়া আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে এক অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত সৰুপথাৰ খকনজুৰি গাঁৱত এই অভিযান চলায়। হোজাইৰ ডিএছপি তথা লেডী ড’ন খ্যাত ভনীতা নাথ আৰু যমুনামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিষেক বড়োৰ নেতৃত্বত চলা এই অভিযান কালত গাঁওখনৰ পৰা বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে কেবাটাও চুলাইৰ ঘাটি উচ্ছেদ কৰে।