newsnextone.com | গুৱাহাটীঃ ক্ৰমাৎ নিম্নগামী হৈছে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা একেৰাহে এটা পষেক ধৰি বৃদ্ধি হৈ থকা পেট্ৰল আৰু ডিজেলৰ মূল্য লাহে লাহে নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে৷
মূল্য বৃ্দ্ধিৰ ফলত সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল৷ সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ দ্বাৰা জুৰুলা হৈ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰী আৰু যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি হৈ পৰাও পৰিলক্ষিত হৈছিল৷