55
তেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্দশ সমাৱৰ্ত্তন অহা ৭ এপ্ৰিলত অনুষ্ঠিত হ’ব। বিগত বৰ্ষত শিক্ষা সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰী সকলক এই সমাৱৰ্ত্তনতে ডিগ্ৰী-ডিপ্লমা, পদক, বঁটা আদি প্ৰদান কৰা হ’ব।
এই সমাৱৰ্ত্তনত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি সমাৱৰ্ত্তনৰ বক্তৃতা প্ৰদান কৰিব ৰসায়ন বিজ্ঞানৰ দেশৰ আগশাৰীৰ গৱেষক তথা হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক গোৱৰ্দ্ধন মেহতাই।