newsnextone.com | ডিজিটেল ডেস্কঃ ফুটবলৰ ৰংত ডুবিছে ৰাছিয়া৷ দেশ-বিদেশৰ খেলুৱৈ, অতিথি, দৰ্শকৰে ভৰি পৰিছে ৰাছিয়া৷ হোটেল, ৰেষ্টুৰেণ্টত ভিৰ কৰিছে গ্ৰাহকে৷ ৰুছৰ ঐতিহাসিক ঠাই ভ্ৰমণ কৰি ফুৰিছে পৰ্যটকে৷ ৰাজপথত বৰ বৰ ফুটবলৰ হৰ্ডিং, বেনাৰ৷
প্ৰথমবাৰ ৰুছত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ ৰুছৰ জনসাধাৰণে লিঅ’নেল মেছী, নেইমাৰৰ দৰে ফুটবলাৰৰ খেল চাবলৈ ৰৈ আছে৷ ফুটবলৰ চুপাৰষ্টাৰক সাক্ষাৎ কৰিব খোজে ৰুছৰ ফুটবল বলিয়া মানুহবোৰে৷ ২১ সংখ্যাক বিশ্বকাপ ফুটবলৰ প্ৰথম খন মেচ বৃহস্পতিবাৰে চৌদি আৰব আৰু ৰুছৰ মাজত অনুষ্ঠিত হ’ব৷ লুজনিকী ষ্টেডিয়ামত ৮০ হাজাৰ দৰ্শকে চাব প্ৰথমখন খেল৷