হোজাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো বিগত কিছুদিনৰ পৰা অব্যাহত আছে আবতৰীয়া নেৰা নেপেৰা বৰষুণ।ফলত হোজাই ৰাইকটাত কপিলী নৈয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ।কপিলী নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে যদিও হোজাই জিলা প্ৰশাসনে বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
কপিলী নৈৰ খহনীয়াত নৈপৰীয়া বহু ৰাইজ আক্ৰান্ত হৈ চৰম দুৰ্দশাৰ সন্মুখীন হৈছে৷ ইয়াৰ উপৰিও চপৰা-চপৰকৈ খহনীয়াত জাহ গৈছে মথাউৰি।কেৱল সেয়াই নহয় মথাউৰিৰ কাষত থকা নৈপৰীয়া পৰিয়ালৰ কেইবাটাও বাসগৃহৰ আধা অংশ নৈত জাহ যোৱাত অঞ্চলটোৰ ৰাইজে নিজে নিজে ঘৰ ভাঙি স্থানান্তৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।