newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্য উত্তল হৈ আছে৷ প্ৰতিদিনে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যৰ দল-সংগঠনে৷ শনিবাৰেও অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ দুলীয়াজানত অনুষ্ঠিত হয় গণ সমাবেশ৷ কেইবা হাজাৰ লোকে লোকে অংশ লোৱা সমাবেশত কৃষক নেতা অখিল গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷
তাৰ পিছতে অখিল গগৈয়ে সভাত সোণোৱাল জনগোষ্ঠীৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ বুলি এক বিবৃতি যোগে অভিযোগ উত্থাপন কৰে সোণোৱাল কছাৰী যুৱ মঞ্চই৷ সোণোৱাল কছাৰী যুৱ মঞ্চৰ সভাপতি জিতুল ৰাজ সোণোৱালে এক বিবৃতি যোগে অখিল গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি দুলীয়াজানত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সমগ্ৰ সোণোৱাল কছাৰী জাতিটোক লক্ষ্য কৰি মন্তব্য আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰে৷