গুৱাহাটীঃ দেশৰ গড় হাৰতকৈ ওপৰত আছে অসমত মাদক দ্ৰব্য সেৱনৰ হাৰ। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ ৰাজ্যৰ প্ৰায় ৩৫.৬% পুৰুষে আৰু ৬.৯% মহিলাই মাদক দ্ৰব্য সেৱন কৰে৷ এই হাৰ দেশৰ হাৰতকৈ যথেষ্ট বেছি৷ এইক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত ২৯.২% পুৰুষ আৰু ১.২% মহিলাইহে সেৱন কৰে মাদক দ্ৰব্য৷
আনহাতে ধুম্ৰপান কৰাৰ ক্ষেত্ৰতো পিছ পৰি থকা নাই অসম৷ অসমৰ ৬৩.৯ % পুৰুষ আৰু ১৯.৭% মহিলাই ধুম্ৰপান কৰে৷ ৰাজ্যৰ ২৪,৫৪২ টা গৃহত এই কৰা সমীক্ষাত এই তথ্য প্ৰকাশ হৈছে৷ ধুম্ৰপান আৰু মাদক দ্ৰব্য সেৱনৰ ফলতেই ৰাজ্যত কৰ্কট, মধুমেহ, যকৃত আৰু স্নায়ুজনিত ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷