Home অন্যান্য খবৰচিকিৎসা সন্ত্ৰাসঃ ১০ এপ্ৰিলত ন্যায়ৰ দাবীত কঁপিব বৰপেটা

চিকিৎসা সন্ত্ৰাসঃ ১০ এপ্ৰিলত ন্যায়ৰ দাবীত কঁপিব বৰপেটা

by News Desk
62 views
A+A-
Reset

বৰপেটাঃ ভুল চিকিৎসাৰ বাবে ১৯ বছৰীয়া যুৱতীগৰাকীৰ সম্ভাৱনাপুৰ্ণ জীৱন এটা হঠাত স্তব্ধ হৈ পৰিছিল। বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকৰ অৱহেলা, গাফিলতি আৰু ভুল চিকিৎসাৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী সোণালী সৰকাৰৰ ন্যায়ৰ দাবীত অহা ১০ এপ্ৰিলত, ৰাতিপুৱা ১০ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটাৰ ফকৰ উদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় চৌহদত এক প্ৰতিবাদী কাৰ্যৰ্সূচী ৰূপায়ন কৰা হ’ব।

ৰাতিপুৱা ১০ বজাৰ আগতে প্ৰতিবাদকাৰীসকলে বৰপেটা পৌৰসভাৰ খেল পথাৰত সমবেত হৈ তাৰে পৰা প্ৰতিবাদী সমদল উলিয়াই বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ গৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। দোষী চিকিৎসকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰা, সোণালীৰ দৰিদ্ৰ পৰিয়ালক এককালীন ২৫ লাখ টকা ক্ষতিপূৰণ আদায় দিয়া, ফকৰ উদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় আন্ত:গাঁথনি, বিশেষজ্ঞ চিকিৎসক, সকলো ধৰণৰ অত্যাধুনিক পৰীক্ষাগাৰ আৰু সা-সঁজুলি যোগান ধৰাৰ লগতে বহুদিন ধৰি চিকিৎসা মহাবিদ্যালয়খনত চলি থকা একাংশ চিকিৎসক, বিষয়া আৰু কৰ্মচাৰীৰ অভব্য আচৰণ, অনিয়ম আৰু দুৰ্নীতি বন্ধ কৰাৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি এক বিবৃতিযোগে জানিবলৈ দিয়ে ছাত্ৰ সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0