সোণাৰিঃ আলফাৰ প্ৰতিষ্ঠা দিৱসৰ পিছতে নিষিদ্ধ সংগঠনৰ সদস্যক বিচাৰি চৰাইদেউ জিলাত সেনাই ব্যাপকভাৱে আলফা অভিযান চলোৱাৰ ঘটনাই চৰাইদেউ জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ কেইবাদিনৰ পূৰ্বৰ পৰাই সেনাৰ দলে আলফা কেডাৰৰ পৰিয়ালৰ গৃহত আলফা বিচৰাৰ নামত মানসিক হাৰাশাস্তি চলাই আহিছে।
জানিব পৰামতে তথা প্ৰাপ্ত অভিযোগ অনুসৰি চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বাঁহবাৰীস্তিত আলফা কেডাৰ গণেশ লাহণৰ ভাতৃৰ গৃহত গণেশ লাহণক আত্মসমৰ্পণ কৰিবলৈ পৰিয়ালটোক হেঁচা প্ৰয়োগ কৰি মানসিক হাৰাশাস্তি চলায়।