Home অন্যান্য খবৰঅতুলৰ কৃৃষি বিভাগৰ ধোদ কৰ্মচাৰীয়ে ৰেকিবুদ্দিনৰ সমষ্টিত ২৪ মাহে খোলা নাই কাৰ্যালয়

অতুলৰ কৃৃষি বিভাগৰ ধোদ কৰ্মচাৰীয়ে ৰেকিবুদ্দিনৰ সমষ্টিত ২৪ মাহে খোলা নাই কাৰ্যালয়

by News Desk
52 views
A+A-
Reset

newsnextone.com | গৰৈমাৰিঃ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰে বাৰে কৈ আহিছে যদিও এই কথাক ভ্ৰুক্ষেপ নকৰে একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীগৰাকী আৰু মন্ত্ৰী-বিধায়কে নিতৌ বৰ বৰ কথা কৈ শিৰোনাম দখল কৰি আহিছে৷ চমক সৃষ্টিৰ বাবে বৰ বৰ কথা কয় যদিও তেনে কথা প্ৰকৃততে পূৰণ কৰিব পাৰেনে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে৷ দেখা যায় যে চৰকাৰ খনে তেনে প্ৰতিশ্ৰুতি পালনত বিফল হৈছে বুলি অভিযোগ উত্থাপন হয়৷ বিশেষকৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে কৰ্ম সংস্কৃতিৰ কথা কয় যদিও চৰকাৰী কাৰ্যালয়ত কৰ্ম-সংস্কৃতি আজিও দেখা পোৱা নাযায়৷ 

ৰাজ্যৰ বহু কাৰ্যালয়ত কৰ্ম-সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিলে চকু কপালত উঠে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰ্ম সংস্কৃতিৰ নমুনা দেখা যায় কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰিত৷ গৰৈমাৰিত বহু কাৰ্যালয়লৈ আহিলে কৰ্ম সংস্কৃতিৰ নমুনা নিজেই প্ৰত্যক্ষ কৰিব পৰা যায়৷ গৰৈমাৰিত বহু কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে বহু পলমকৈ কাৰ্যালয়লৈ আহি সময়ৰ পূৰ্বে কাৰ্যালয় এৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ তাৰ মাজতে পোহৰলৈ আহিছে এটি চৰকাৰী কাৰ্যালয় যোৱা ২৪ মাহ ধৰি বন্ধৰ হৈ থকা দৰে কাণ্ড৷ এদিন দুদিন নহয় ২৪মাহে বন্ধ হৈ আছে এটি কৃষি বিভাগৰ কাৰ্যালয়৷ বিষয়া, সম্প্ৰসাৰণ কৰ্মীয়ে ঘৰতে বহি দৰমহা ভোগ কৰি আহিছে বুলি জানিব পৰা গৈছে৷ অসম চৰকাৰৰ কৃষি বিভাগৰ গৰৈমাৰি কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় যোৱা প্ৰায় ২৪ মাহ ধৰি তলা ওলমি আছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0