newsnextone.com | ডিফুঃ ১৯৭৭ চনত দেশত ঘোষিত জৰুৰীকালীন অৱস্থাই ৪৩ বছৰ অতিক্ৰম কৰে৷ ১৯৭৭ চনত ঘোষিত জৰুৰীকালীন অৱস্থাৰ গইনা লৈ বিজেপিয়ে ২০১৮ চনত কংগ্ৰেছক ঘেৰাও কৰা পৰিলক্ষিত হৈছে৷ জৰুৰীকালীন অৱস্থাক সুঁৱৰি বিজেপিয়ে সমগ্ৰ দেশত কলা দিৱস পালন কৰে৷ একপ্ৰকাৰ কলা দিৱস কংগ্ৰেছক সমালোচনা কৰা দিৱসত পৰিণত হয়৷
উল্লেখ্য যে, বিজেপিয়ে সমগ্ৰ দেশৰ নেতাই আৰু প্ৰতিখন জিলাত সংবাদ মেল অনুষ্ঠিত কৰি কলা দিৱস পালন কৰে৷ অসমতো বিজেপিয়ে ৩৬ খন সাংগঠনিক জিলাত কলা দিৱস পালন কৰি সংবাদ মেল অনুষ্ঠিত কৰে৷ প্ৰকৃততে এয়া কংগ্ৰেছক সমালোচনা কৰাৰ বাবে দিৱস পালন কৰাৰ দৰে হোৱা বুলি অভিযোগ উত্থাপন হয়৷