newsnextone.com | ডিফুঃ বহু পলমকৈ হলেও কাৰ্বি আংলঙত বৰ্বৰ আক্ৰমণত নিহত হোৱা দুই যুৱকৰ ঘৰলৈ আহিল কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ এটা দল৷ অভিজিৎ-নিলোৎপলৰ গৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰে৷
উল্লেখ্য যে, পাহাৰীয়া জিলাখনৰ নান্দনিক পৰ্যটন থলী উপভোগ কৰি উভতি অহাৰ বাটত এদল নৰপিশাচৰ হাতত ডকমকাৰ পাণজুৰি কছাৰী গাঁৱত যোৱা ৮জুনত সোপাধৰাৰ সন্দেহত অভিজিৎ-নিলোৎপলক বৰ্বৰ ভাৱে হত্যা কৰিছিল৷