newsnextone.com | ৰঙিয়াঃ একাংশ দালালে নিয়ন্ত্ৰণ কৰে শিক্ষা ব্যৱস্থাক৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছে গৈ যে আপোনাৰ ল’ৰা-ছোৱালী কোনখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিব সেয়া নিৰ্ধাৰণ কৰিব দালালে৷ মেধাৱী শিক্ষাৰ্থীজনে পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ পিছতে শিক্ষাৰ্থীজনে কোনখন শিক্ষানুষ্ঠানত পঢ়িব সেয়া নিৰ্ধাৰণ কৰি দিয়াৰ দায়িত্ব লৈ ছাত্ৰৰ ঘৰত হাজিৰ হয়গৈ একাধিক মধ্যভোগী দালাল৷
অতি পৰিতাপৰ বিষয় যে একাংশ অনভিজ্ঞ শিক্ষকেৰে ব্যক্তিগত পৰ্যায়ত একোখন জুনিয়ৰ কলেজ পাতি এচাম লোকে শিক্ষাৰ বেহা পাতিছে, যাৰ চিকাৰ হৈছে বহু মেধাৱী ছাত্ৰ-ছাত্ৰী৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ৷ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত মঙলবাৰে অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আছুৰ সভাপতি গৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে৷