newsnextone.com | ওৰাংঃ দেশৰ বিখ্যাত দুগৰাকী ইতিহাসবিদে লিখি উলিওৱা গ্ৰন্থত বড়ো জনগোষ্ঠীক সন্ত্ৰসবাদী হিচাপে দেখুওৱা হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ গ্ৰন্থত ২০০৮ চনৰ ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণ বড়ো সন্ত্ৰসবাদীয়ে সংঘটিত কৰা বুলি উল্লেখ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷
নিজৰ লিখনিত বড়ো সন্ত্ৰাসবাদী বুলি উল্লেখ কৰাত সোচ্চাৰ হৈ পৰিছে বড়ো জনগোষ্ঠীক সচেতন সমাজ, ছাত্ৰ-ছাত্ৰী৷
বিখ্যাত বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক ইতিহাস সংলগ্ন কৰি প্ৰকাশ কৰা গ্ৰন্থ নিষিদ্ধ কৰা, বড়ো জাতিক ক্ষমা বিচৰাৰ দাবী জনাই শনিবাৰে কেইবাশাতধিক বড়ো জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীয়ে ওৰাঙত প্ৰতিবাদ সাব্যস্ত কৰে৷