নগাঁওঃ বহিঃৰাজ্যলৈ কিশোৰী সৰবৰাহৰ সন্দেহত নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত শিমলুগুৰিত যোৱা নিশা স্থানীয় ৰাইজে এগৰাকী মহিলাক আটক কৰি আৰক্ষীক গতাই দিয়ে।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে, যোৱা ১ এপ্ৰিলত মহিলাগৰাকীয়ে শিমলুগুৰিৰ এগৰাকী কিশোৰীক মাতৃসহ চাকৰিৰ প্ৰলোভন দেখুৱাই প্ৰথমে গুৱাহাটীলৈ লৈ যায়। গুৱাহাটী পোৱাত মাক-জীয়েকক নিচাযুক্ত দ্ৰব্য খুৱাই দিয়ে দুষ্ট প্ৰকৃতিৰ মহিলাগৰাকীয়ে। পিছত মাকৰ অজ্ঞাতে কিশোৰীগৰাকীক হাৰিয়ানালৈ প্ৰেৰণ কৰে ধৃত মহিলাগৰাকীয়ে।