88
নগাওঁঃ মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ আকৌ আহিল ৰঙালী বিহু। প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত। সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোল-মোলাই পৰিছে অসমীয়াৰ পদূলি৷
এই দেহ-মন উজ্বলি উঠা ব’হাগ বিহুৰ এক অবিচ্ছেদ্য অংগ হৈছে কপৌফুল৷ ঢুলীয়াৰ ঢোল-পেঁপাৰ শব্দত নাচি উঠা নাচনীৰ খোপা ব’হাগৰ বতৰত শুৱনি কৰে মনোমোহা কপৌফুল পাহে৷ কপৌফুল আকৌ পবিত্ৰতাৰো প্ৰতীক।