ডিজিটেল ডেস্কঃ অফিচ কাছাৰীৰ দৰে দেওবাৰে বন্ধ থাকিব পেট্ৰল পাম্প৷ পুৱা ৯ বজাৰ পৰা গধুলি ৬ বজালৈকেহে খোলা ৰখা হ’ব পেট্ৰল পাম্প৷ এনে এক কৰ্মৰ সময় তালিকাৰ সৈতে “উইকলি অফ ডে” পালন কৰাৰ সিদ্ধান্তৰেই সকলোকে বিপাঙত পেলোৱাৰ পৰিকল্পনা হাতত লৈছে পেট্ৰল পাম্প ডিলাৰ সংগঠনে৷
ডিলাৰৰ কমিছন নবঢ়ালে অহা ১০মে’ৰ পৰা এনে এক কাৰ্যক্ৰমণিকাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সাজু হৈছে সংগঠনটো৷ কনছৰ্টিয়াম অফ ইণ্ডিয়ান পেট্ৰ’লিয়াম ডিলাৰছ চমুকৈ চিপআইডিয়ে এক বৈঠকত ১০মে’ৰ পৰা কেৱল ৮ ঘন্টাহে পেট্ৰল পাম্প খোলা ৰখাৰ প্ৰস্তাৱ লৈছে সংগঠনটোৱে৷ উক্ত দিনটোতে সংগঠনটোৱে “ন’ পাৰ্চেচ ডে” ঘোষণা কৰিছে। অৰ্থা উক্ত দিনটোত কোনো পেট্ৰ’ল পাম্পত তেল কিনা-বেচা কৰা নহ’ব।