মঙলদৈঃ সকলো ক্ষেত্ৰতে অৱহেলিত হৈ আহিছে দৰংবাসী ৰাইজ। ৰেল সংযোগৰ নামত কেন্দ্ৰীয় চৰকাৰে আভুৱা ভৰি অহাৰ সময়তে এতিয়া দৰংবাসীৰ বাবে মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰিছে মঙলদৈৰ মাজেৰে যোৱা ১৫নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থা।
বাইহাটা চাৰিআলিৰ পৰা দৰঙৰ দলগাঁৱলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটি ঠাই বিশেষে বিপদজনকভাৱে জহি-খহি গৈছে । যাৰ ফলত সাধাৰণ ৰাইজে দুৰ্ভোগ ভোগাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এনে দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুলোক।