ডিজিটেল ডেস্কঃ অফাৰৰ ওপৰত অফাৰ। এবাৰ যদি হেপ্পী নিউ ইয়েৰ অফাৰ, এবাৰ প্ৰাইম মেম্বাৰশ্বিপ অফাৰ। আকৌ ছামাৰ ছাৰপ্ৰাইজ অফাৰ। এনেদৰে এটাৰ পিছত আনটো অফাৰেৰে গ্ৰাহকক প্ৰলোভিত কৰিবলৈ গৈ ‘ট্ৰাই’ৰ ককৰ্থনাৰ সন্মুখীন হ’লেও অফাৰৰ মোহ এৰিব পৰা নাই জিঅ’ই।
ভোডাফোনৰ অভিযোগৰ পিছতে ট্ৰাইৰ নিৰ্দেশ অনুযায়ী জিঅ’ই ছামাৰ ছাৰপ্ৰাইজ অফাৰ বন্ধ কৰি দিয়ে। পিছে কি হ’ব। ছামাৰ ছাৰপ্ৰাইজ অফাৰ বন্ধ কৰি দিয়াৰ কেই মুহূৰ্তমানৰ পিছতে জিঅ’ই আকৌ ঘোষণা কৰিছে নতুন অফাৰ। এক কথাত ক’বলৈ গ’লে অফাৰ ঘোষণা কৰাতোৱেই যেন এতিয়া এক প্ৰকাৰ অভ্যাসত পৰিণত হৈছে জিঅ’ৰ।