গোৰেশ্বৰঃ অসমৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি চিঠি লিখিছে এজন দুৰ্ভগীয়া ছাত্ৰই। হৃদৰোগত আক্ৰান্ত ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা নিলম্বনৰ গুৰুতৰ অভিযোগ তুলিছে ছাত্ৰজনে। ছাত্ৰৰ ভবিষ্যতক লৈ এনেদৰে হেতালি খেলাত হতাশগ্ৰস্ত হৈ পৰিছে ৰোগাক্ৰান্ত ছাত্ৰজন।
নিলম্বিত এই ছাত্ৰজন হৈছে বাগছা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত গাছবাৰীৰ সেপকুছি গাঁৱৰ প্ৰয়াত ভূপেন কাকতিৰ কনিষ্ঠ পুত্ৰ ধনজিৎ কাকতি। ২০১৬ বৰ্ষত পূৱ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতত্ব বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।