newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালৰ মাজত আকৌ এবাৰ আৰম্ভ হৈছে যুঁজ৷ শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপ-ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে নৰেন্দ্ৰ মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ উপ-ৰাজ্যপাল অনিল বৈজালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়াই এখন সংবাদ মেল অনুষ্ঠিত কৰি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন ৰাজ্যপাললৈ চিঠি লিখা বুলি কয়৷
পত্ৰ যোদে ৰাজ্যপালক উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত অৱগত কৰা বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ পত্ৰ যোগে পুনৰ ফাইল উপ-ৰাজ্যপালৰ ওচৰলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই বুলি কয়৷ কিন্তু দিল্লী চৰকাৰে লোৱা প্ৰতিটো সিদ্ধান্ত উপ-ৰাজ্যপালক জনাই দিয়া হ’ব৷ উপ-ৰাজ্যপালে ইমানলৈ সৈমান হৈছিল৷ কিন্তু চাৰ্ভিচ সন্দৰ্ভত সৈমান নহয়৷