newsnextone.com | আজাৰাঃ তথ্য আৰু প্ৰযুক্তিৰ যুগত মানুহে ক্ৰমান্বয়ে গ্ৰন্থ, বাতৰিকাকত আদিক এলাগী কৰা দেখা যায়৷ এই যুগক ডিজিটেল যুগ বুলি কোৱাৰ লগতে মানুহে বাতৰিকাকত আৰু গ্ৰন্থ পঢ়াৰ বাবে আহৰি নোপোৱা হৈছে৷ সকলো সময়ত মোবাইলত ব্যস্ত হৈ থকাৰ এক প্ৰৱণতা গঢ় লৈ উঠিছে মানুহৰ৷
তাৰ মাজতে গ্ৰন্থ আৰু বাতৰি কাকত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰাৰ এক ব্যতিক্ৰম প্ৰয়াস কৰি গৈছে পলাশবাৰী ৰামপুৰৰ ‘কালিকান্ত নিউজ এজেন্সি’য়ে৷ কালিকান্ত নিউজ এজেন্সিৰ গৰাকী বিমল শৰ্মাই দক্ষিণ কামৰূপৰ ৰামপুৰ, নহিৰা, ৰাজাপুখূৰী আদি বৃহত্তৰ অঞ্চলত যুৱ প্ৰজন্মক বাতৰিকাকত তথা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলাই গৈছে৷