newsnextone.com | গোৰেশ্বৰঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰাৰ দাবীত সোমবাৰে কোচ-ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান কৰা ২৪ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত বাক্সা জিলাৰ গোৰেশ্বৰ-নাওকাটাত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
গোৰেশ্বৰ জ্যোতিনগৰ চ’ক আৰু নাওকাটাতো আক্ৰাছুৰ সদস্যসকলে টায়াৰ জ্বলাই চৰকাৰৰ প্ৰতাৰণাৰ তীব্র প্ৰতিবাদ জনায়। বন্ধ সমৰ্থকসকলে কমতাপুৰ গঠন কৰক, কোচ-ৰাজবংশীক জনজাতিকৰণ কৰক, বিজেপি চৰকাৰ হায়-হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।