Home ৰাজ্য১৮৮টা পৰিয়ালৰ বাবে অভিশাপস্বৰূপ বিটিএডি

১৮৮টা পৰিয়ালৰ বাবে অভিশাপস্বৰূপ বিটিএডি

by News Desk
62 views
A+A-
Reset

কোকৰাঝাৰঃ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত ঐতিহাসিক বিটিচি চুক্তি সম্পন্ন হোৱাৰ পিছত বিটিএডি এলেকাৰ জীৱন ধাৰণৰ মান, অাৰ্থ সামাজিক উন্নয়ন অস্বীকাৰ কৰিব নোৱাৰি যদিও একমাত্ৰ বিটিচি গঠন হোৱাৰ বাবেই ১৮৮ টা পৰিয়াললৈ ঘোৰ অমানিশা নামি অহাৰ বাতৰিয়ে বিটিএডিৰ অান এক অমনোযোগিতাৰ দিশ উদঙাই দিছে। বিটিএডি প্ৰশাসনৰ অমনোযোগিতা অাৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি অন্ধকাৰৰ অটল গহ্বৰত নিমজ্জিত হোৱা ১৮৮ গৰাকী কেজুৱেল কৰ্মীয়ে অাজি ন্যায় প্ৰদানৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে ১৯৯২-৯৩ চনত ৰাজ্যত কেজুৱেল কৰ্মী অৰ্থাৎ পিয়ন ,চকীদাৰ , কৰ সংগ্ৰাহক , অালি মহৰী হিচাপে পঞ্চায়ত বিভাগত ২০০০ গৰাকী লোকে নিযুক্তি লাভ কৰিছিল। ২০০৫ চনত ৰাজ্য চৰকাৰে ৩১০০০ কেজুৱেল, মাষ্টাৰৰোল কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিছিল অাৰু ২০১২ চনত চৰকাৰে ২০০০ গৰাকী পঞ্চায়তৰ কেজুৱেল কৰ্মচাৰীৰ ভিতৰত ১৮১২ গৰাকী কৰ্মচাৰীক বিটিএডিৰ বাহিৰত ফিক্সড পে’ত নিযুক্তি দিয়ে। অৰ্থাৎ বিটিএডিত থকা ১৮৮ গৰাকী কেজুৱেল কৰ্মচাৰী নিযুক্তি লাভৰ পৰা বঞ্চিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0