57
ৰঙিয়াঃ বিদেশীক বৰপীৰা পাৰি দিব খোজা সোণোৱাল চৰকাৰৰ পুনৰ খিলঞ্জীয়াবিৰোধী স্থিতি। এইবাৰ ৰঙিয়াত উচ্ছেদৰ জাননীক লৈ হাহকাৰ এখন গাঁৱৰ ৰাইজৰ।
১৭ বছৰ পূৰ্বে ৰঙিয়াৰ জয়ন্তীপুৰত বৰলীয়া নৈৰ প্ৰবল গৰাখহনীয়াই উটুৱাই নিছিল এইসকল লোকৰ মাটি-ভেটি। গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা প্ৰায় ১৬টা পৰিয়ালক তেতিয়াৰ অগপ চৰকাৰে সংস্থাপিত কৰিছিল ৰঙিয়াৰ তুলসীবাৰীৰ শান্তিপুৰত।