newsnextone.com | তেজপুৰঃ মঙলবাৰে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই তেজপুৰ কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ পৰিস্থিতিৰ বুজ লয়৷ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰি কাৰাগাৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ বিদেশী বুলি প্ৰতিপন্ন হোৱা আৰু বিদেশীৰ সন্দেহত কাৰাগাৰত থকা লোকক সাক্ষাৎ কৰি বিভিন্ন বিষয় জানিবলৈ চেষ্টা কৰে সাংসদ ৰামে৷
ডি-ভোটাৰ আৰু অবৈধ নাগৰিকৰ সন্দেহত আটক কৰি বন্দী কৰি ৰখা লোকসকলে সাংসদ ৰামৰ সৈতে বহু সময় কথা পাতে৷ বন্দীসকলে মত-বিনিময় কৰি সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ পৰা সহায় বিচাৰে৷ বৰ্তমান বন্দী হৈ থকা বাংলাদেশ আৰু ম্যানমাৰৰ প্ৰায় ৬০গৰাকী লোকে তেওঁলোকে ভাৰতৰ নহয় বুলি স্বীকাৰ কৰাৰ লগতে নিজৰ দেশলৈ যাব বিচাৰে বুলি ৰাম প্ৰসাদক অৱগত কৰা বুলি কয়৷