newsnextone.com | ডিজিটেল ডেস্কঃ ইতিমধ্যে অভিযান সমাপ্ত ঘোষণা কৰিলে থাইলেণ্ড প্ৰশাসনে৷ সমগ্ৰ বিশ্বই শান্তিৰে উশাই ললে বিগত ১৮ দিনৰ মূৰকত৷ শ্বাসৰুদ্ধকাৰ পৰিবেশৰ অন্তত বিগত ১৮ দিনেই যুঁজ দি সফলতা লাভ কৰিছে থাইলেণ্ড চৰকাৰে৷ থাইলেণ্ডৰ আৰক্ষীৰ পৰা আৰম্ভ কৰি নৌ সেনা, বায়ু সেনা, পাৰ্গত ডুবাৰু, সেনা, দুৰ্যোগ প্ৰশমণ বিভাগৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত গুহাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল আটাইকেইজন কিশোৰ৷ সমগ্ৰ বিশ্বই বিশ্বকাপ ফুটবলৰ মেচ চোৱাত ব্যস্ত হৈ থকাৰ সময়তে আজিৰ পৰা ১৮ দিন পূৰ্বে এই অঘটন সংঘটিত হৈছিল থাইলেণ্ডত৷
খেল পথাৰত প্ৰশিক্ষণৰ অন্তত ১১-১৬ বছৰৰ ১২গৰাকী কিশোৰ আৰু প্ৰশিক্ষকে গুহাৰ ভিতৰত সোমাই গুহা পৰিদৰ্শন কৰি থকাৰ সময়তে তীব্ৰ বৰষুণৰ বাবে গুহাত পানীৰে ভৰি পৰাত মধ্যম অংশত আৱদ্ধ হৈ পৰিছিল৷ তাৰ পিছতে উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল যদিও বাৰে বাৰে বৰষুণে চেষ্টাক বিফল কৰিছিল৷ সমগ্ৰ দেশে এই উদ্ধাৰ অভিযানত সহায় কৰিছিল৷ অভিযান সফল হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিল সমগ্ৰ থাইলেণ্ডবাসীয়ে৷ বৃহৎ বৃহৎ পানী সিঁচা মেচিনেৰে গুহাৰ পৰা হাজাৰ হাজাৰ লিটাৰ পানী প্ৰতিঘণ্টাত উলিয়াই অনা হৈছিল৷ পাইপ বহুৱাই কিশোৰসকল থকা স্থানলৈ অক্সিজেন প্ৰেৰণ কৰা হৈছিল৷ প্ৰতিমুহূৰ্তত যোগাযোগ ৰক্ষা কৰি চলিছিল উদ্ধাৰকাৰী দলে৷